---Advertisement---

3০০+ Assam History MCQ Questions and Answers for APSC, ADRE, Assam Police & Competitive Exams

Published on: July 2, 2026
Join WhatsApp
Join Now
Join Telegram
Join Now
---Advertisement---

অসমৰ ইতিহাস (Assam History) হৈছে APSC CCE, APSC Junior Grade, Assam Police, ADRE Grade III & IV, Assam TET, Forest, APDCL, Assam Secretariat, আৰু আন বহুতো প্ৰতিযোগিতামূলক পৰীক্ষাৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়। প্ৰায় প্ৰতিটো পৰীক্ষাতেই Assam History MCQ in Assamese-ৰ পৰা একাধিক প্ৰশ্ন সোধা হয়। সেয়ে যদি আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে অসমৰ ইতিহাসৰ ওপৰত শক্তিশালী দখল গঢ়ি তোলাটো অতি প্ৰয়োজনীয়।

এই পৃষ্ঠাত আমি অসমৰ ইতিহাস MCQ (অসমীয়াত), পূৰ্ববৰ্তী বছৰৰ প্ৰশ্ন (Previous Year Questions), গুৰুত্বপূৰ্ণ তথ্য, আৰু ব্যাখ্যাসহ উত্তৰ (Explanation) প্ৰদান কৰিছোঁ। এই MCQ সমূহ APSC-ৰ শেহতীয়া পাঠ্যক্ৰম আৰু পৰীক্ষাৰ ধাৰণাৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে, যাতে আপুনি কম সময়ত অধিক নম্বৰ লাভ কৰিব পাৰে।

অসমৰ ইতিহাস কিয় গুৰুত্বপূৰ্ণ?

অসমৰ ইতিহাস কেৱল অতীতৰ ঘটনাবলীৰ অধ্যয়ন নহয়; ই অসমৰ সংস্কৃতি, ঐতিহ্য, ৰাজনীতি, সমাজ আৰু স্বাধীনতা সংগ্ৰামৰ এক বিস্তৃত পৰিচয়। APSC CCE আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰাগজ্যোতিষপুৰ, কামৰূপ ৰাজ্য, আহোম সাম্ৰাজ্য, কোচ ৰাজ্য, মোৱামৰীয়া বিদ্ৰোহ, ব্ৰিটিছ শাসন, ইয়াণ্ডাবু সন্ধি, ১৮৫৭ চনৰ বিদ্ৰোহ, আৰু অসমৰ স্বাধীনতা আন্দোলন আদি বিষয়ৰ পৰা নিয়মীয়াকৈ প্ৰশ্ন সোধা হয়।

যদি আপুনি এই অধ্যায়সমূহ সঠিকভাৱে আয়ত্ত কৰে, তেন্তে Assam GK অংশত উচ্চ নম্বৰ লাভ কৰাৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পায়।

এই Assam History MCQ সংকলনত কি থাকিব?

এই সংকলনত আপুনি পাব—

  • ৩০০+ অসমৰ ইতিহাস MCQ (অসমীয়াত)
  • প্ৰতিটো MCQ-ৰ সঠিক উত্তৰ
  • গুৰুত্বপূৰ্ণ প্ৰশ্নৰ চমু ব্যাখ্যা
  • APSC Previous Year Questions
  • অধ্যায়ভিত্তিক MCQ
  • নতুন পৰীক্ষাৰ ধৰণ অনুসৰি Objective Questions
  • Revision Friendly Practice Sets
  • Mock Test Pattern MCQs

কিমান ধৰণৰ বিষয় সামৰি লোৱা হৈছে?

এই MCQ সংকলনত অসমৰ ইতিহাসৰ প্ৰায় সকলো গুৰুত্বপূৰ্ণ অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছে, যেনে—

  • প্ৰাগজ্যোতিষপুৰৰ ইতিহাস
  • কামৰূপ ৰাজ্য
  • বর্মন বংশ
  • শালস্তম্ভ বংশ
  • পাল বংশ
  • চুতীয়া ৰাজ্য
  • কছাৰী ৰাজ্য
  • কোচ ৰাজ্য
  • আহোম সাম্ৰাজ্য
  • স্বৰ্গদেউসকল
  • বুৰঞ্জী
  • শৰাইঘাটৰ যুদ্ধ
  • লাচিত বৰফুকন
  • মীৰ জুমলা
  • মোৱামৰীয়া বিদ্ৰোহ
  • ইংৰাজ শাসন
  • ইয়াণ্ডাবু সন্ধি (১৮২৬)
  • অসমৰ চাহ উদ্যোগ
  • ১৮৫৭ চনৰ বিদ্ৰোহ
  • মণিৰাম দেৱান
  • পিয়লি বৰুৱা
  • অসমৰ স্বাধীনতা আন্দোলন
  • আধুনিক অসমৰ গঠন

এই MCQ সমূহ কাৰ বাবে উপযোগী?

এই Assam History MCQ in Assamese সংকলন বিশেষকৈ তলৰ পৰীক্ষাসমূহৰ বাবে অতি উপযোগী—

  • APSC Combined Competitive Examination (CCE)
  • APSC Junior Grade
  • Assam Direct Recruitment Examination (ADRE)
  • Assam Police SI & Constable
  • Forest Department Recruitment
  • Assam TET
  • DME Assam
  • APDCL
  • Assam Secretariat
  • Panchayat & Rural Development
  • Grade III & Grade IV Exams
  • আন সকলো অসমভিত্তিক প্ৰতিযোগিতামূলক পৰীক্ষা

1. অসমৰ পুৰণি নাম কি ?
(ক) ৰত্নপীঠ
(খ) প্ৰাগজ্যোতিষ
(গ) কামপীঠ
(ঘ) থানেশ্বৰ
উত্তৰঃ (খ) প্ৰাগজ্যোতিষ

2. প্ৰাগজ্যোতিষৰ ৰাজধানী ক’ত আছিল ?
(ক) দিশপুৰ
(খ) ৰত্নপীঠ
(গ) কামৰূপ
(ঘ) প্ৰাগজ্যোতিষপুৰ
উত্তৰঃ (ঘ) প্ৰাগজ্যোতিষপুৰ

3. টাই আৰু আহোম ভাষাৰ শব্দ ‘আছাম’ৰ অৰ্থ কি ?
(ক) পৰিচিত
(খ) পৰাজিত
(গ) অপৰিচিত
(ঘ) অপৰাজিত
উত্তৰঃ (ঘ) অপৰাজিত

4. কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি ?
(ক) ভাস্কৰ বৰ্মন
(খ) মহীৰংগ দানৱ
(গ) ঘটকাসুৰ
(ঘ) ভগদত্ত
উত্তৰঃ (খ) মহীৰংগ দানৱ

5. কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল ?
(ক) ৰজা সন্ধ্যা
(খ) ব্ৰহ্মপাল
(গ) বৈদ্যদেৱ
(ঘ) বল্লভদেৱ
উত্তৰঃ (ক) ৰজা সন্ধ্যা

6. সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান শাসকগৰাকীৰ নাম কি ?
(ক) নীলধ্বজ
(খ) মহম্মদ-বিন বখতিয়াৰ খিলিজী
(গ) আৰিমত্ত
(ঘ) বৈদ্যদেৰ
উত্তৰঃ (খ) মহম্মদ-বিন বখতিয়াৰ খিলিজী

7. মহম্মদ-বিন-বখতিয়াৰ খিলিজীয়ে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল ?
(ক) 1138
(খ) 1250
(গ) 1270
(ঘ) 1206
উত্তৰঃ (ঘ) 1206

8. কোনে কামৰূপক ‘কা-মা-লু-পু’ বুলি কৈছিল ?
(ক) বাণভট্ট
(খ) ইট-চিং
(গ) ৱা-হিউৱেন-চি
(ঘ) হিউৱেন-চাং
Ans : (ঘ) হিউৱেন-চাং

9. ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল ?
(ক) বিদৰ্ভ ৰাজকুমাৰী মায়া
(খ) ইন্দুমতী
(গ) মায়ামতী
(ঘ) চন্দ্ৰৱতীক
উত্তৰঃ (ক) বিদৰ্ভ ৰাজকুমাৰী মায়া

10 . নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ?
(ক) দানৱ
(খ) বৰ্মন
(গ) ভৌম
(ঘ) চন্দ্ৰ
উত্তৰঃ (গ) ভৌম

11. ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত প্ৰাগজ্যোতিষলৈ কোন চীনা পৰিব্ৰাজক আহিছিল ?
(ক) ভাস্ক-ডা-গামা
(খ) চন্দ্ৰপল
(গ) হিউৱেন-চাং
(ঘ) মেক্স মুলাৰ
উত্তৰঃ (গ) হিউৱেন-চাং

12. হিউৱেন চাং কোন দেশৰ পৰিব্ৰাজক—
(ক) আমেৰিকা
(খ) জাপান
(গ) ৰাছিয়া
(ঘ) চীন
উত্তৰঃ (ঘ) চীন

13. ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল ?
(ক) ব্ৰহ্মপাল
(খ) পুষ্পদত্ত
(গ) শীলভদ্ৰ
(ঘ) হিউৱেন-চাং
উত্তৰঃ (গ) শীলভদ্ৰ

14. হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি ?
(ক) শীলভদ্ৰ
(খ) হংসবেগ
(গ) হিউৱেন-চাং
(ঘ) পুষ্পদত্ত
উত্তৰঃ (খ) হংসবেগ

15. বৰ্মন বংশৰ শেষৰ ৰজা জন কোন ?
(ক) পূষ্য বৰ্মন
(খ) মহেন্দ্ৰ বৰ্মন
(গ) ভাস্কৰ বৰ্মন
(ঘ) স্থিত
উত্তৰঃ (গ) ভাস্কৰ বৰ্মন

16. হিউৱেন-চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি ?
(ক) চি-ইউ-কি
(খ) হস্তিবিদ্যাৰ্ণৱ
(গ) অৰ্থশাস্ত্ৰ
(ঘ) যোগিনীতন্ত্ৰ
উত্তৰঃ (ক) চি-ইউ-কি

17. শালস্তম্ভ বংশৰ প্ৰতিস্থাপকৰ নাম কি ?
(ক) শালস্তম্ভ
(খ) ভাস্কৰ বৰ্মন
(গ) গোপাল
(ঘ) বৰ্মপাল
উত্তৰঃ (ক) শালস্তম্ভ

18. শালস্তম্ভ বংশৰ ৰাজধানী ক’ত আছিল ?
(ক) হাৰুপেশ্বৰ
(খ) নগাওঁ
(গ) গোৱালপাৰা
(ঘ) ডিব্ৰুত
উত্তৰঃ (ক) হাৰুপেশ্বৰ

19. শালস্তম্ভ বংশৰ শেষৰ ৰজাজন কোন ?
(ক) ত্যাগ বাহাদুৰ
(খ) ত্যাগ সিংহ
(গ) ত্যাগ পাল
(ঘ) শীলভদ্ৰ
উত্তৰঃ (খ) ত্যাগ সিংহ

20. পাল বংশৰ প্ৰতিষ্ঠাতা কোন ?
(ক) ব্ৰহ্মপাল
(খ) বৈদ্যদেৱ
(গ) ত্যাগ সিংহ
(ঘ) শীলভদ্ৰ
উত্তৰঃ (ক) ব্ৰহ্মপাল

21. পাল বংশৰ প্ৰথম ৰজা কোন ?
(ক) ৰত্নপাল
(খ) ব্ৰহ্মপাল
(গ) ইদ্ৰপাল
(ঘ) গোপাল
উত্তৰঃ (খ) ব্ৰহ্মপাল

22. পাল বংশৰ শেষ ৰজাজনৰ নাম কি ?
(ক) জয়পাল
(খ) ধৰ্মপাল
(গ) হৰ্ষ পাল
(ঘ) ব্ৰহ্মপাল
উত্তৰঃ (ক) জয়পাল

23. ‘তাবাকাৎ-ই-নীছিৰী’ গ্ৰন্থৰ ৰচক কোন ?
(ক) মিনহাজ উদ্দিন চিৰাজ
(খ) আৰিমত্ত
(গ) মহম্মদ-বিন-বখতিয়াৰ
(ঘ) নীলধ্বজ
Ans : (ক) মিনহাজ উদ্দিন চিৰাজ

24. ‘তাৰিখ-ই-আছাম’বা ‘ফাতিয়াহ-ই-ইব্ৰিয়া’ গ্ৰন্থৰ ৰচক কোন ?
(ক) মিৰজুমলা
(খ) ফিৰদৌসি
(গ) চিহাবুদ্দিন তালিছ

(ঘ) এটাও নহয়
উত্তৰঃ (গ) চিহাবুদ্দিন তালিছ

25. গৌড় ৰাজ্য কোনে প্ৰতিষ্ঠা কৰে ?
(ক) শশাংকই
(খ) কল্যানে
(গ) বৈদ্যদেৱ
(ঘ) ভাস্কৰ বৰ্মনে
উত্তৰঃ (ক) শশাংকই

26. ৰজা শশাংকৰ ৰাজধানী ক’ত আছিল ?
(ক) কলিকতা
(খ) নগাওঁ
(গ) কৰ্ণসুবৰ্ণ
(ঘ) অসম
উত্তৰঃ (গ) কৰ্ণসুবৰ্ণ

27. প্ৰাচীন গৌড় ৰাজ্য বৰ্তমান ক’ত অৱস্থিত ?
(ক) অসমত
(খ) পশ্চিমবংগ আৰু বাংলাদেশ
(গ) মণিপুৰত
(ঘ) বিহাৰত
Ans : (খ) পশ্চিমবংগ আৰু বাংলাদেশ

28. কোনে খ্যান বা খেন বা সেন বংশ প্ৰতিষ্ঠা কৰিছিল ?
(ক) জয়ধ্বজ
(খ) নীলধ্বজ
(গ) মক্ৰধ্বজ
(ঘ) শুক্লধ্বজ
উত্তৰঃ (খ) নীলধ্বজ

29. চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰে ?
(ক) বীৰপালে
(খ) শুক্লধ্বজ
(গ) নাৰায়ণ পাল
(ঘ) গোপাল
উত্তৰঃ (ক) বীৰপালে

30. কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল ?
(ক) 1187
(খ) 1120
(গ) 1150
(ঘ) 1170
Ans : (ক) 1187

31. চুতীয়াসকলৰ শেষৰ জন ৰজাৰ নাম কি ?
(ক) নিত্যপাল
(খ) মল্লদেৱ
(গ) ব্ৰজপাল
(ঘ) ইন্দ্ৰপাল
Ans : (ক) নিত্যপাল

32. কোচ শব্দৰ উৎপত্তি ক’ৰ পৰা হৈছে ?
(ক) কুৱাজ বা কম্বোজ
(খ) কোচ
(গ) কুজ
(ঘ) কৱাজ
উত্তৰঃ (ক) কুৱাজ বা কম্বোজ

33. জয়ধ্বজ সিংহক কি ৰজা বুলিছিল ?
(ক) ভগা ৰজা
(খ) পতা ৰজা
(গ) শৰণীয়া ৰজা
(ঘ) সকলোবোৰ শুদ্ধ
উত্তৰঃ (ঘ) সকলোবোৰ শুদ্ধ

34. জয়ধ্বজ সিংহৰ দিনত কোন মোগলে আক্ৰমন কৰে—
(ক) ৰাম সিংহ
(খ) নাচিৰুদ্দিন
(গ) বাবৰে
(ঘ) মিৰজুমলা
উত্তৰঃ (ঘ) মিৰজুমলা

35. ‘ঘিলাঝাৰীঘাটৰ সন্ধি’ কেতিয়া হয়—
(ক) ১৬৬০ চনত
(খ) ১৬৬২ চনত
(গ) ১৬৬৩ চনত
(ঘ) ১৬৬৭ চনত
উত্তৰঃ (গ) ১৬৬৩ চনত

36. ছেউনী আলি কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয় ?
(ক) শুক্লধ্বজ সিংহ
(খ) জয়ধ্বজ সিংহ
গ) মক্‌ৰ ধ্বজ সিংহ
(ঘ) চক্ৰধ্বজ সিংহ
উত্তৰঃ (খ) জয়ধ্বজ সিংহ

37. চক্ৰধ্বজ সিংহৰ আচল নাম কি আছিল ?
(ক) চুপুংমুং
(খ) চুহুংমুং
(গ) চ্যুকাফা
(ঘ) চুতিফা
উত্তৰঃ (ক) চুপুংমুং

38. কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?
(ক) নৰনাৰায়ণ
(খ) চিলাৰায়
(গ) বিশ্বসিংহ
(ঘ) গড়গঞা
উত্তৰঃ (গ) বিশ্বসিংহ

39. কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল ?
(ক) 1228
(খ) 1582
(গ) 1581
(ঘ) 1585
উত্তৰঃ (গ) 1581

40. কোচ ৰজা ৰঘুদেৱৰ জীয়েকৰ নাম কি আছিল ?
(ক) শংকলা
(খ) ভানুমতী
(গ) বিমলা
(ঘ) বিপাসা
উত্তৰঃ (ক) শংকলা

41. কোচঁ সেনাপতি শুক্লধ্বজে কি নাম লয়—
ক) নৰনাৰায়ণ
খ) ভীষ্ম
গ) ভীম
(ঘ) চিলাৰায়
উত্তৰঃ (ঘ) চিলাৰায়

42. চিলাৰায়ৰ পুত্ৰৰ নাম কি ?
(ক) লক্ষ্মীনাৰায়ণ
(খ) বিষ্ণুমাৰায়ণ
(গ) ৰঘুনাৰায়ণ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) ৰঘুনাৰায়ণ

43. কাৰ অনুৰোধত ‘ৰাম বিজয়’ নাটক শংকৰদেৱে লিখে—
(ক) নৰনাৰায়ণ
(খ) চিলাৰায়
(গ) ধৰ্মনাৰায়ণ
(ঘ) স্বইচ্ছাই
উত্তৰঃ (খ) চিলাৰায়

44. চিলাৰায় কাৰ হাতত বন্দী হৈছিল ?
(ক) হোছেন শ্বাহ
(খ) কছাৰী ৰজা
(গ) চুলেইমান কৰৰাণী
(ঘ) আহোমৰ
উত্তৰঃ (গ) চুলেইমান কৰৰাণী

45. ভীমপুত্ৰ ঘটোৎ কোচ কোন ৰাজ্যৰ অধিকাৰী আছিল ?
(ক) কুন্তিল
(খ) হিড়িম্বাপুৰ
(গ) কামৰূপ
(ঘ) কমতা
উত্তৰঃ (খ) হিড়িম্বাপুৰ

46. নৰনাৰায়ণৰ প্ৰকৃত নাম কি ?
(ক) শুক্লধ্বজ
(খ) তামধ্বজ
(গ) জয়মল্ল
(ঘ) মল্লদেৱ
উত্তৰঃ (ঘ) মল্লদেৱ

47. শুক্লধ্বজক কি নামেৰে জনা যায় ?
(ক) নৰনাৰায়ণ
(খ) বিশ্বসিংহ
(গ) চিলাৰায়
(ঘ) লক্ষ্মীনাৰায়ণ
উত্তৰঃ (গ) চিলাৰায়

48. নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল ?
(ক) চ্যুকাফা
(খ) চুফিমফা
(গ) চুখামফা
(ঘ) চুক্লেনমুং
উত্তৰঃ (ঘ) চুক্লেনমুং

49. কছাৰী ৰাজ্য ক’ত আছিল ?
(ক) ৰত্নপীঠত
(খ) দিখৌৰ পৰা কলঙলৈ
(গ) কলঙলৰ পৰা দিখৌৰ মাজত
(ঘ) কমতাত
উত্তৰঃ (খ) দিখৌৰ পৰা কলঙলৈ

50. কছাৰী ৰাজ্যৰ ৰাজধানী ক’ত আছিল ?
(ক) কামৰূপ
(খ) শদিয়া
(গ) হিৰিম্বাপুৰ
(ঘ) কমতাপুৰ
উত্তৰঃ (গ) হিৰিম্বাপুৰ

51. অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্ৰথম স্বৰ্গদেউ কোন আছিল ?
(ক) ৰুদ্ৰ সিংহ
(খ) লক্ষ্মীনাৰায়ণ
(গ) চুহুংমুং বা স্বৰ্গ নাৰায়ণ
(ঘ) প্ৰতাপ সিংহ
উত্তৰঃ (গ) চুহুংমুং বা স্বৰ্গ নাৰায়ণ

52. কোন স্বৰ্গদেউয়ে বৰা শইকীয়া, হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল ?
(ক) চ্যুকাফা
(খ) চুতেনফা
(গ) চুফিমফা
(ঘ) চুহুংমু
Ans : (খ) চুতেনফা

53. কাৰ শাসনকালত মীৰজুমলাই গড়গাঁও অধিকাৰ কৰিছিল ?
(ক) ৰুদ্ৰ সিংহ
(খ) প্ৰতাপ সিংহ
(গ) জয়ধ্বজ
(ঘ) গদাধৰ
উত্তৰঃ (গ) জয়ধ্বজ

54. কেতিয়া শৰা‍ইঘাট যুদ্ধ হৈছিল ?
(ক) 1671
(খ) 1662
(গ) 1672
(ঘ) 1670
উত্তৰঃ (ক) 1671

55. শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল ?
(ক) গদাপাণি
(খ) লাচিত বৰফুকন
(গ) বাঘ হাজৰিকা
(ঘ) ৰাম সিংহ
উত্তৰঃ (খ) লাচিত বৰফুকন

56. বাঘ হাজৰিকাৰ আচল নাম কি ?
(ক) ইছমাইল হোছেন
(খ) ইছমাইল ছিদ্দিক
(গ) ইছমাইল আলী
(ঘ) ইছমাইল শ্বেখ
উত্তৰঃ (খ) ইছমাইল ছিদ্দিক

57. গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল ?
(ক) ভানুমতী
(খ) জয়মতী
(গ) স্বৰ্ণমতী
(ঘ) মায়ামতী
Ans : (খ) জয়মতী

58. জয়মতীক ক’ত হত্যা কৰা হৈছিল ?
(ক) জয়সাগৰ
(খ) গৌৰী সাগৰ
(গ) জেৰেঙা পথাৰত
(ঘ) ৰংঘৰ
উত্তৰঃ (গ) জেৰেঙা পথাৰত

59. মানে অসম দ্বিতীয় বাৰৰ বাবে কেতিয়া আক্ৰমন কৰে ?
(ক) ১৮১৯
(খ) ১৯১৮
(গ) ১১৯৮
(ঘ) ১৮৯১
উত্তৰঃ (ক) ১৮১৯

60. মানে তৃতীয় বাৰৰ বাবে অসম কেতিয়া আক্ৰমণ কৰে ?
(ক) ১৮২২
(খ) ১৮২১
(গ) ১৮২০
(ঘ) ১৮২৩
উত্তৰঃ (খ) ১৮২১

61. তৃতীয় আক্ৰমনৰ সময়ত মান সেনাৰ সেনাপতি কোন আছিল ?
(ক) লাচিত বৰফুকন
(খ) কুমেদান
(গ) মিংগিমাহা তিলোৱা
(ঘ) এজনো নহয়।
উত্তৰঃ (গ) মিংগিমাহা তিলোৱা

62. ভগনীয়া ৰজা কোন ?
(ক) জয়ধ্বজ
(খ) শুক্লধ্বজ
(গ) তাম্ৰধ্বজ
(ঘ) ৰাজেশ্বৰ
উত্তৰঃ (ক) জয়ধ্বজ

63. উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল ?
(ক) গদাধৰ সিংহ
(খ) ৰুদ্ৰ সিংহ
(গ) জয়ধ্বজ সিংহ
(ঘ) প্ৰমত্ত সিংহ
উত্তৰঃ (ক) গদাধৰ সিংহ

64. কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ গ্ৰহণ কৰা অসমৰ ৰজাগৰাকী কোন ?
(ক) ব্ৰজদত্ত
(খ) ভগদত্ত
(গ) হৰদত্ত
(ঘ) বীৰদত্ত
উত্তৰঃ (খ) ভগদত্ত

65. কুৰুক্ষেত্ৰ ৰণত ভগদত্তই কোন পক্ষত যোগ দিছিল ?
(ক) কৃষ্ণ
(খ) পাণ্ডৱ
(গ) কৌৰৱ
(ঘ) কাৰোপক্ষ নলৈছিল
উত্তৰঃ (গ) কৌৰৱ

66. কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰাইছিল ?
(ক) বাণৰজা
(খ) ভগদত্ত
(গ) নৰকাসুৰ
(ঘ) এটাও নহয়
উত্তৰঃ (গ) নৰকাসুৰ

67. ফ্ৰানচেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি ?
(ক) মূলা গাভৰু
(খ) জয়মতী
(গ) ভানুমতী
(ঘ) ভূৱনেশ্বৰী
উত্তৰঃ (ক) মূলা গাভৰু

68. ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হয় ?
(ক) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী
(গ) ১৮২৭ চনত ২১ ফ্ৰেব্ৰুৱাৰী
(খ) ১৮২৫ চনত ২২ ফ্ৰেব্ৰুৱাৰী
(ঘ) ১৮২৪ চনত ১২ ফেব্ৰুৱাৰী
উত্তৰঃ (ক) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী

69. ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল ?
(ক) ব্ৰহ্মদেশত
(খ) চীনত
(গ) ভাৰতত
(ঘ) পাকিস্তানত
উত্তৰঃ (ক) ব্ৰহ্মদেশত

70. ইংৰাজ আৰু মানৰ মাজত হোৱা সন্ধি ক’ত হৈছিল—
(ক) ইয়াণ্ডাবু (ব্ৰহ্মদেশ)
(খ) ৰেংগুন (ব্ৰহ্মদেশ)
(ঘ) পাছিঘাট (অসম)
(গ) আন্দামান
উত্তৰঃ (ক) ইয়াণ্ডাবু (ব্ৰহ্মদেশ)

71. ‘বেগম ৰহমত বাণু’ কোনগৰাকী অসমীয়া জীয়েকৰ নাম ?
(ক) মূলা গাভৰু
(খ) ৰমণী গাভৰু
(গ) ভানুমতী
(ঘ) ইন্দ্ৰমতী
উত্তৰঃ (খ) ৰমণী গাভৰু

72. বাণ ৰজাৰ জীয়েকৰ নাম কি ?
(ক) ঊষা
(খ) চিত্ৰলেখা
(গ) ৰুক্মিণী
(ঘ) ৰাধা
উত্তৰঃ (ক) ঊষা

73. ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল ?
(ক) শদিয়া
(খ) কছাৰী
(গ) অসম
(ঘ) বিদৰ্ভ
Ans : (ঘ) বিদৰ্ভ

74. ধোদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল ?
(ক) গদাধৰ সিংহ
(খ) ৰুদ্ৰ সিংহ
(গ) শিৱ সিংহ
(ঘ) সৰ্বানন্দ সিংহ
উত্তৰঃ (ক) গদাধৰ সিংহ

75. ইটাখুলিৰ ৰণ কেতিয়া হৈছিল ?
(ক) 1680
(খ) 1869
(গ) 1682
(ঘ) 1684
উত্তৰঃ (গ) 1682

76. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ?
(ক) মীৰজুমলা
(খ) ৰাম সিংহ
(গ) হোছেন শ্বাহ
(ঘ) ফিৰোজ শ্বাহ
উত্তৰঃ (খ) ৰাম সিংহ

77. ল’ৰা ৰজাৰ প্ৰকৃত নাম কি ?
(ক) গদাধৰ সিংহ
(খ) চুলিকফা
(গ) ৰুদ্ৰ সিংহ
(ঘ) এটাও নহয়
উত্তৰঃ (খ) চুলিকফা

78. চুলিকফাক অসম বুৰঞ্জীত কি বুলি জনা যায় ?
(ক) নৰীয়া ৰজা
(খ) ল’ৰা ৰজা
(গ) কেঁকোৰা ৰজা
(ঘ) লালুক খোলা
উত্তৰঃ (খ) ল’ৰা ৰজা

79. ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিল ?
(ক) ৰুদ্ৰসিংহ
(খ) গদাধৰ সিংহ
(গ) প্ৰতাপ সিংহ
(ঘ) প্ৰমত্ত সিংহ
Ans : (ঘ) প্ৰমত্ত সিংহ

80. শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল ?
(ক) প্ৰমত্ত সিংহ
(খ) শিৱ সিংহৰ পত্নী ৰাণী অম্বিকা
(গ) ৰুদ্ৰ সিংহ
(ঘ) প্ৰতাপ সিংহ
উত্তৰঃ (খ) শিৱ সিংহৰ পত্নী ৰাণী অম্বিকা

81. চকৰী ফেঁটী বুৰঞ্জী কোনে ৰচনা কৰিছিল ?
(ক) কীৰ্তিনাথ
(খ) বদনচন্দ্ৰ
(গ) নুমলী বৰগোহাঁই
(ঘ) এটাও নহয়
উত্তৰঃ (গ) নুমলী বৰগোহাঁই

82. দিহিংগীয়া ৰজাৰ প্ৰকৃত নাম কি ?
(ক) চুহুংমুং
(খ) চুক্লেনমুং
(গ) চুখামখা
(ঘ) চ্যুকাফা
উত্তৰঃ (ক) চুহুংমুং

83. খোৰা ৰজা কোন ?
(ক) চুহুংমুং
(খ) চুখ্ৰাংফা
(গ) চ্যুকাফা
(ঘ) এটাও নহয়
উত্তৰঃ (খ) চ্যু-খামফা

84. লতা কটা ৰণ কোন আহোম ৰজাৰ দিনত হৈছিল ?
(ক) ৰাজেশ্বৰ সিংহ
(খ) প্ৰমত্ত সিংহ
(গ) ৰুদ্ৰ সিংহ
(ঘ) চন্দ্ৰজিৎ সিংহ
উত্তৰঃ (ক) ৰাজেশ্বৰ সিংহ

85. লতা কটা ৰণত আহোমৰ সেনাধীনায়ক কোন আছিল ?
(ক) লাচিত
(খ) গোমধৰ কোঁৱৰ
(গ) হৰনাথ ফুকন
(ঘ) ললিত বৰা
উত্তৰঃ (গ) হৰনাথ ফুকন

86. বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল ?
(ক) হোছেন শ্বাহ
(খ) ইছমাইল ছিদ্দিক
(গ) ৰূপসিংহ চুবেদাৰ
(ঘ) এটাও নহয়
উত্তৰঃ (গ) ৰূপসিংহ চুবেদাৰ

87. নিধানপুৰৰ তাম্ৰলিপি ক’ত উদ্ধাৰ হৈছিল ?
(ক) শিলচৰ
(খ) চিলেট
(গ) মণিপুৰ
(ঘ) ত্ৰিপুৰা
উত্তৰঃ (খ) চিলেট

88. কানাই বৰশী শিলালিপি ক’ত উদ্ধাৰ হৈছিল ?
(ক) পশ্চিম গুৱাহাটী
(খ) উত্তৰ গুৱাহাটী
(গ) নাৰেংগী
(ঘ) কাজিৰঙা
উত্তৰঃ (খ) উত্তৰ গুৱাহাটী

89. অসমত প্ৰথম কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল ?
(ক) পিয়লি বৰুৱা
(খ) মণিৰাম দেৱান
(গ) বিষ্ণুপ্ৰসাদ ৰাভা
(ঘ) এটাও নহয়
উত্তৰঃ (খ) মণিৰাম দেৱান

90. মণিৰাম দেৱানক বন্দী কৰি ক’ত ৰাখিছিল ?
(ক) কলিকতা
(খ) আলিপুৰ
(গ) কোচবিহাৰ
(ঘ) তেজপুৰ
উত্তৰঃ (খ) আলিপুৰ

91. মণিৰাম দেৱানক ফাঁচী দিয়াৰ দিনাখন আৰু কাক ফাঁচী দিয়া হৈছিল ?
(ক) পিয়লি ফুকন
(খ) পিয়লি বৰুৱা
(গ) কন্দেৰ্পশ্বৰ
(ঘ) এটাও নহয়
উত্তৰঃ (খ) পিয়লি বৰুৱা

92. শ্বিলঙত অসমৰ ৰাজধানী কেতিয়া স্থাপন হৈছিল ?
(ক) 1863
(খ) 1874
(গ) 1864
(ঘ) 1865
উত্তৰঃ (গ) 1864

93. মহাত্মা গান্ধী অসমত কেতিয়া আহিছিল ?
(ক) 1920
(খ) 1925
(গ) 1921
(ঘ) 1924
উত্তৰঃ (গ) 1921

94. 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মহিলা মৃত্যু বাহিনীৰ নেতৃত্ব কোনে দিছিল ?
(ক) কনকলতা
(খ) চন্দ্ৰপ্ৰভা
(গ) পুষ্পলতা দাস
(ঘ) হেমপ্ৰভা
উত্তৰঃ (গ) পুষ্পলতা দাস

95. অসম মহিলা সমিতিৰ জন্মদাতা কোন ?
(ক) পুষ্পলতা দাস
(খ) চন্দ্ৰপ্ৰভা শ‍ইকীয়ানী
(গ) কনকলতা
(ঘ) হেমপ্ৰভা
Ans : (খ) চন্দ্ৰপ্ৰভা শ‍ইকীয়ানী

96. অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত কোনে নেতৃত্ব প্ৰদান কৰিছিল ?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) আনন্দৰাম বৰুৱা
(গ) বিষ্ণুপ্ৰসাদ ৰাভা
(ঘ) দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা
উত্তৰঃ (ঘ) দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা

97. সংৰক্ষিণী সভাৰ জন্মদাতা কোন আছিল ?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) ভোলানাথ বৰুৱা
(গ) বিষ্ণুপ্ৰসাদ ৰাভা
(ঘ) অম্বিকাগিৰী ৰায়চৌধুৰী
উত্তৰঃ (ঘ) অম্বিকাগিৰী ৰায়চৌধুৰী

98. অসমত প্ৰথম কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল ?
(ক) নবীনচন্দ্ৰ আৰু তৰুণৰাম
(খ) মণিৰাম আৰু পিয়লি বৰুৱা
(গ) বিষ্ণুপ্ৰসাদ ৰাভা
(ঘ) এটাও নহয়।
উত্তৰঃ (ক) নবীনচন্দ্ৰ আৰু তৰুণৰাম

99. ‘কৰ্মবীৰ’ বুলি কোনে জনাজাত ?
(ক) তৰুণৰাম ফুকন
(খ) নবীনচন্দ্ৰ বৰদলৈ
(গ) মণিৰাম দেৱান
(ঘ) গোপীনাথ বৰদলৈ
উত্তৰঃ (খ) নবীনচন্দ্ৰ বৰদলৈ

100. কোনে কামদেৱক ভষ্মীভূত কৰিছিল ?
(ক) ব্ৰহ্মাই
(খ) বিষ্ণুৱে
(গ) শিৱই
(ঘ) ৰামে
উত্তৰঃ (গ) শিৱই

101. অসমৰ ভৌগলিক অৱস্থান কিমান অক্ষাংশৰ মাজত—
(ক) ২২°-২৮° উ.
(খ) ২৫°-২৯° উ.
(গ) ২৭°-৩০°উ.
(ঘ) ২৮-৪০° উ.
উত্তৰঃ (ক) ২২°-২৮° উ.

102. ভগদত্তৰ হাতীটোৰ নাম কি আছিল—
(ক) ঐৰাৱত
(খ) গজ
(গ) হাতী
(ঘ) সু প্ৰাতীক
উত্তৰঃ (ঘ) সু প্ৰাতীক

103. কৌৰৱৰ পক্ষত ভগদত্তই কিমান দিন যুজিছিল ?
(ক) ১৫ দিন
(খ) ৩০ দিন
(গ) ১০ দিন
(ঘ) ৮ দিন
উত্তৰঃ (ঘ) ৮ দিন

104. কোনে দানৱ বংশ প্ৰতিষ্ঠা কৰে ?
(ক) মহীৰঙ্গ দানৱ
(খ) নৰকাসুৰ
(গ) ভাস্কৰ বৰ্মা
(ঘ) ভগদত্তই
উত্তৰঃ (ক) মহীৰঙ্গ দানৱ

105. কাক কিৰাত ৰজা বুলি কোৱা হয় ?
(ক) ঘটকাসুৰ
(খ) মহীৰঙ্গ
(গ) নৰকাসুৰ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ঘটকাসুৰ

106. ভগদত্ত কাৰ বৰপুত্ৰ আছিল ?
(ক) নৰকৰ
(খ) মহীৰঙ্গ
(গ) দশৰথৰ
(ঘ) এটাও শুদ্ধ নহয়
উত্তৰঃ (ক) নৰকৰ

107. অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম ছহিদ কোন ?
(ক) মণিৰাম দেৱান
(খ) পিয়লি বৰুবা
(গ) কনকলতা
(ঘ) পিয়লি ফুকন
উত্তৰঃ (ঘ) পিয়লি ফুকন

108. অসমত কেতিয়া বাংলা ভাষাৰ প্ৰচলন হৈছিল ?
(ক) 1836
(খ) 1870
(গ) 1832
(ঘ) 1835
উত্তৰঃ (ক) 1836

109. অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?
(ক) 1871
(খ) 1873
(গ) 1875
(ঘ) 1870
উত্তৰঃ (খ) 1873

110. অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল ?
(ক) 1830
(খ) 1861
(গ) 18360
(ঘ) 1865
উত্তৰঃ (খ) 1861

111. পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল ?
(ক) 1861
(খ) 1894
(গ) 1896
(ঘ) 1890
উত্তৰঃ (খ) 1894

112. ফুলগুৰিৰ ধেৱা কেতিয়া হৈছিল ?
(ক) 1860
(খ) 1894
(গ) 1861
(ঘ) 1830
উত্তৰঃ (গ) 1861

113. ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিব গৈ মৃত্যুবৰণ কৰিছিল ?
(ক) পিয়লি বৰুৱা
(খ) কনকলতা বৰুৱা
(গ) মুকুন্দ কাকতি
(ঘ) মণিৰাম দেৱান
উত্তৰঃ (খ) কনকলতা বৰুৱা

114. কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল ?
(ক) 1943
(খ) 1942
(গ) 1945
(ঘ) 1940
Ans : (ক) 1943

115. অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা ছহিদ কোন আছিল ?
(ক) মালতী মেম
(খ) কনকলতা
(গ) মূলা গাভৰু
(ঘ) জয়মতী
Ans : (ক) মালতী মেম

116. বংগৰ পৰা কেতিয়া অসম পৃথক হৈছিল ?
(ক) 1872
(খ) 1874
(গ) 1875
(ঘ) 1870)
উত্তৰঃ (খ) 1874

117. নৰকৰ জন্ম কত হৈছিল ?
(ক) মাতৃগৰ্ভত
(খ) পানীত
(গ) মানুহৰ লাওখোলাত
(ঘ) প্ৰাণী গৰ্ভত
উত্তৰঃ (গ) মানুহৰ লাওখোলাত

118. ভগদত্তৰ পিছত কোন ৰজা হয় ?
(ক) বজ্ৰদত্ত
(খ) হৰদত্ত
(গ) বীৰদত্ত
(ঘ) নৰদত্ত
উত্তৰঃ (ক) বজ্ৰদত্ত

119. নৰকে কাৰ কাণফুলি চুৰ কৰিছিল ?
(ক) অদিতি
(খ) সীতা
(গ) ৰমনীৰ
(ঘ) ফুলেশ্বৰীৰ
উত্তৰঃ (ক) অদিতি

120. নৰতে কাক বিয়া কৰাবৰ কাৰণে উদ্যত হৈছিল—
(ক) সীতাক
(খ) লক্ষ্মীক
(গ) কামাখ্যাক
(ঘ) সৰস্বতীক
উত্তৰঃ (গ) কামাখ্যাক

121. আহোমৰ শেষ ৰজা বা স্বৰ্গদেউৰ নাম কি ?
(ক) জয়ধ্বজ সিংহ
(খ) পুৰন্দৰ সিংহ
(গ) চন্দ্ৰকান্ত সিংহ
(ঘ) ৰুদ্ৰ সিংহ
উত্তৰঃ (খ) পুৰন্দৰ সিংহ

122. আহোম ৰাজত্ব পতনৰ কাৰণ কি?
(ক) গৃহ কন্দল
(খ) অদক্ষ সেনাপতি
(গ) দুৰ্বল অধিকাৰী
(ঘ) এটাও নহয়
উত্তৰঃ (ক) গৃহ কন্দল

123. কোন আহোম স্বৰ্গদেউ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ?
(ক) জয়ধ্বজ সিংহ
(খ) ৰুদ্ৰ সিংহ
(গ) চন্দ্ৰকান্ত সিংহ
(ঘ) চুহুংমুং
উত্তৰঃ (ক) জয়ধ্বজ সিংহ

124. কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল ?
(ক) চুহুংমুং
(খ) চুক্লেনমুং
(গ) চুখিমখা
(ঘ) এটাও নহয়
উত্তৰঃ (খ) চুক্লেনমুং

125. আহোম প্ৰথা মতে হোৱা বিবাহক কি বুলি কোৱা হয় ?
(ক) চকলং
(খ) গন্ধৰ
(গ) প্ৰজাপতি
(ঘ) এটাও নহয়
উত্তৰঃ (ক) চকলং

126. কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল ?
(ক) সৰ্বানন্দ সিংহ
(খ) ৰুদ্ৰ সিংহ
(গ) চন্দ্ৰকান্ত সিংহ
(ঘ) পুৰন্দৰ সিংহ
উত্তৰঃ (ঘ) পুৰন্দৰ সিংহ

127. আহোমসকলৰ দিনত আটাইতকৈ বৃহৎ গড় কোনটো আছিল ?
(ক) নুমলীগড়
(খ) মোমাইকটা গড়
(গ) গড়গাঁও
(ঘ) এটাও নহয়
উত্তৰঃ (ক) নুমলীগড়

128. মহাভাৰতৰ কোন পৰ্বত ভগদত্তৰ কথা পোৱা যায় ?
(ক) দ্ৰোণপৰ্ব
(খ) যুদ্ধপৰ্ব
(গ) সন্ধিপৰ্ব
(ঘ) এটাও নহয়
উত্তৰঃ (ক) দ্ৰোণপৰ্ব

129. অসমৰ প্ৰথম ঐতিহাসিক ৰজাজন—
(ক) পুষ্য বৰ্মন
(খ) সমুদ্ৰ বৰ্মন
(গ) বল বৰ্মন
ঘ) নাৰায়ন বৰ্মন
উত্তৰঃ (ক) পুষ্য বৰ্মন

130. বৰ্মন বংশৰ প্ৰতিস্থাপক ৰজা কোন ?
(ক) পূষ্য বৰ্মন
(খ) মহেন্দ্ৰ বৰ্মন
(গ) ভাস্কৰ বৰ্মন
(ঘ) গণপতি বৰ্মন
উত্তৰঃ (ক) পূষ্য বৰ্মন

131. কমতা ৰাজ্যৰ ৰাজধানী ক’ত আছিল ?
(ক) বিষ্ণুপুৰ
(খ) কমতাপুৰ
(গ) চন্দ্ৰপুৰ
(ঘ) ৰাজপুৰ
উত্তৰঃ (খ) কমতাপুৰ

132. মাজুলীত ৰজা ৰামচন্দ্ৰই ৰাজধানী ক’ত পাতিছিল ?
(ক) বিষ্ণুপুৰ
(খ) চন্দ্ৰপুৰ
(গ) ৰতনপুৰ
(ঘ) ৰাজপুৰ
উত্তৰঃ (গ) ৰতনপুৰ

133. আৰিমত্তৰ পুত্ৰৰ নাম কি—
(ক) জোঙাল বল‍হু
(খ) পদ্মনাৰায়ণ
(গ) চন্দ্ৰনাৰায়ণ
(ঘ) বিষ্ণুনাৰায়ণ
উত্তৰঃ (ক) জোঙাল বল‍হু

134. জোঙাল বলহু গড় কোনে সজাইছিল ?
(ক) জোঙাল বলহুয়ে
(খ) ৰজা আমিত্তয়ে
(গ) শিৱ সিংহয়ে
(ঘ) পুৰন্দৰ সিংহয়ে
উত্তৰঃ (ক) জোঙাল বলহুয়ে

135. বৈদ্যগড় ক’ত আছিল ?
(ক) শদিয়াত
(খ) তেজপুৰ
(গ) ধুবুৰীত
(ঘ) ৰঙিয়াত
উত্তৰঃ (ঘ) ৰঙিয়াত

136. সতী সাধিনীৰ স্বামীৰ নাম কি ?
(ক) নীতিপাল
(খ) ধৰ্মপাল
(গ) জয়পাল
(ঘ) সুন্দৰীপাল
উত্তৰঃ (ক) নীতিপাল

137. কোঁচ ৰাজ্যৰ প্ৰতিস্থাতা—
(ক) বিশ্ব সিংহ
(খ) মল্লদেৱ
(গ) নৰনাৰায়ণ
(ঘ) হৰিনাৰায়ণ
উত্তৰঃ (ক) বিশ্ব সিংহ

138. ধৰ্মনাৰায়ণৰ প্ৰকৃত নাম কি ?
(ক) কৃষ্ণ নাৰায়ণ
(খ) ৰাম নাৰায়ণ
(গ) বলী নাৰায়ণ
(ঘ) ওপৰৰ সকলোবোৰ
উত্তৰঃ (গ) বলী নাৰায়ণ

139. জয়ন্তীয়া ৰাজ্য কোনে স্থাপন কৰে—
(ক) পৰ্বত ৰায়
(খ) বিজয় মাণিক
(গ) সুন্দৰ ৰায়
(ঘ) ৰামসিং
উত্তৰঃ (ক) পৰ্বত ৰায়

140. খামতি সকলৰ প্ৰাচিন কালৰ বাসস্থান কি ?
(ক) কুণ্ডিল নদীৰ পাৰৰ শদিয়া
(খ) ব্ৰহ্মপুত্ৰৰ পাৰৰ পাণ্ডু এলেকা
(গ) পুঠিমাৰী নদীৰ পাৰ
(ঘ) বৰাক নদীৰ পাৰৰ অঞ্চল
উত্তৰঃ (ক) কুণ্ডিল নদীৰ পাৰৰ শদিয়া

141. দুফা গাম কোন বংশৰ ৰজা—
(ক) গাৰো
(খ) আহোম
(গ) চিংফৌ
(ঘ) মটক
উত্তৰঃ (গ) চিংফৌ

142. মটক ৰাজ্য ইংৰাজে কেতিয়া অধিগ্ৰহণ কৰে আৰু লখিমপুৰৰ লগত চামিল কৰে ?
(ক) ১৮৫০ চনত
(খ) ১৮২০ চনত
(গ) ১৮৪২ চনত
(ঘ) ১৮৫৬ চনত
উত্তৰঃ (গ) ১৮৪২ চনত

143. শংকৰদেৱ কোন বংশৰ আছিল—
(ক) পাল
(খ) বাৰভূঞা
(গ) কিৰাত
(ঘ) চিংফৌ
উত্তৰঃ (খ) বাৰভূঞা

144. আহোম ৰাজ্যৰ প্ৰতিস্থাপক কোন ?
(ক) চ্যুকাফা
(খ) চুদাংফা
(গ) চুহুংমুং
(ঘ) বামুনী কোঁৱৰ
উত্তৰঃ (ক) চ্যুকাফা

145. চ্যু-কা-ফাই কেতিয়া আহোম ৰাজ্যৰ পাতনি মেলে ?
(ক) ১২২৫ চনত
(খ) ১২৬০ চনত
(গ) ১২২৮ চনত
(ঘ) ১২৭২ চনত
উত্তৰঃ (গ) ১২২৮ চনত

146. চ্যু-কা-ফাই ৰাজধানী ক’ত পাতে—
(ক) ৰংপুৰ
(খ) চৰাইদেউ
(গ) তিপাম
(ঘ) হাবুং
উত্তৰঃ (খ) চৰাইদেউ

147. চ্যু-কা-ফাৰ মৃত্যু কেতিয়া হৈছিল ?
(ক) ১২৭৫ চনত
(খ) ১২৬০ চনত
(গ) ১২৬৮ চনত
(ঘ) ১২২৪ চনত
উত্তৰঃ গ) ১২৬৮ চনত

148. চুদাংফাক কি কোঁৱৰ বুলিছিল—
(ক) বামুণী
(খ) ক্ষত্ৰিয়
(গ) ৰজা
(ঘ) ভিক্ষাৰী
উত্তৰঃ (ক) বামুণী

149. কেতিয়া আহোম শাসন আৰম্ভ হৈছিল ?
(ক) 1221
(খ) 1228
(গ) 1225
(ঘ) 1226
উত্তৰঃ (খ) 1228

150. প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল ?
(ক) চ্যুকাফ
(খ) চুমিফা
(গ) চুক্লেনমুং
(ঘ) চুখামফা
উত্তৰঃ (ক) চ্যুকাফা

151. আহোমৰ প্ৰথম ৰাজধানী ক’ত আছিল ?
(ক) ৰংপুৰ
(খ) কামৰূপ
(গ) চৰাইদেউ
(ঘ) কমতাপুৰ
উত্তৰঃ (গ) চৰাইদেউ

152. আহোমসকল কোন নৃ-গোষ্ঠীয় লোক ?
(ক) টাই
(খ) ইন্দো
(গ) দ্ৰাবিড়
(ঘ) টাই-মংগোলীয়
উত্তৰঃ (ঘ) টাই-মংগোলীয়

153. বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে ?
(ক) আহোম
(খ) লেটিন
(গ) গ্ৰীক
(ঘ) বাৰ্মা
উত্তৰঃ (ক) আহোম

154. আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল ?
(ক) প্ৰায় 650
(খ) প্ৰায় 590
(গ) প্ৰায় 660
(ঘ) প্ৰায় 600
উত্তৰঃ (ঘ) প্ৰায় 600

155. চুহুংমুঙৰ হিন্দু নাম কি ?
(ক) স্বৰ্গদেৱ
(খ) ধৰ্মনাৰায়ণ
(গ) স্বৰ্গনাৰায়ণ
(ঘ) ওপৰৰ সকলোবোৰ
উত্তৰঃ (গ) স্বৰ্গনাৰায়ণ

156. কোন স্বৰ্গদেৱক খোৰা ৰজা বোলে—
(ক) চ্যু-খামফা
(খ) চুদাংফা
(গ) চুহুংমুং
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) চ্যু-খামফা

157. আহোম ৰজাৰ অভিষেকৰ কাৰণে শিঙৰি গছেৰে সজা ঘৰটো কি বোলে ?
(ক) ৰোহ ঘৰ
(খ) ৰংঘৰ
(গ) শিঙৰি ঘৰ
(ঘ) বৰঘৰ
উত্তৰঃ (গ) শিঙৰি ঘৰ

158. শিঙৰি ঘৰত উঠোতে দিয়া নৰ বলি কোনে নাইকীয়া কৰি ম’হ বলিৰ ব্যৱস্থা কৰে—
(ক) ৰুদ্ৰ সিংহ
(খ) শিৱ সিংহ
(গ) ৰাম সিংহ
(ঘ) জয় সিংহ
উত্তৰঃ (ক) ৰুদ্ৰ সিংহ

159. কোন আহোম ৰজাই ৰাজধানী চাৰগুৱাৰ পৰা বকতালৈ লৈ যায় ?
(ক) চুহুংমুঙে
(খ) চুদাংফাই
(গ) বামুণী কোঁৱৰ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) চুহুংমুঙে

160. চুক্লেংমুঙৰ ৰাজ্যৰ ৰাজধানী ক’ত আছিল—
(ক) গড়গাওঁ
(খ) দেৱৰ গাওঁ
(গ) হয়বৰ গাওঁ
(ঘ) নগাওঁ
উত্তৰঃ (ক) গড়গাওঁ

161. নগা আলি কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয়—
(ক) চুক্লেংমুঙ
(খ) গড়গঞা ৰজা
(গ) দুয়োটা
(ঘ) এটাও নহয়
উত্তৰঃ (গ) দুয়োটা

162. লাই ৰজা হৈ কি নাম লয় ?
(ক) ৰুদ্ৰ সিংহ
(খ) গদাধৰ সিংহ
(গ) প্ৰতাপ সিংহ
(ঘ) ৰাজেশ্বৰ সিংহ
উত্তৰঃ (ক) ৰুদ্ৰ সিংহ

163. ৰংপুৰ শব্দৰ অৰ্থ কি ?
(ক) বিশাল নগৰী
(খ) আনন্দ নগৰী
(গ) শিল্প নগৰী
(ঘ) উদ্যোগ নগৰী
উত্তৰঃ (খ) আনন্দ নগৰী

164. ৰুদ্ৰ সিংহই ৰাজধানী ক’ত পাতিছিল ?
(ক) নগাওঁ
(খ) ৰংপুৰত
(গ) সোনাৰী গাওঁ
(ঘ) নামৰূপত
উত্তৰঃ (খ) ৰংপুৰত

165. নামদাঙৰ শিলৰ সাঁকো কোনে সজোৱাইছিল ?
(ক) গদাধৰ সিংহই
(খ) ৰাজেশ্বৰ সিংহ
(গ) ৰুদ্ৰ সিংহ
(ঘ) প্ৰতাপ সিংহ
উত্তৰঃ (গ) ৰুদ্ৰ সিংহ

166. পোন প্ৰথমে ৰংপুৰত কোনে বৰ ৰজাৰ পঢ়াশালি স্থাপন কৰিছিল ?
(ক) ঊষা
(খ) জয়মতী
(গ) মূলা গাভৰু
(ঘ) ফুলেশ্বৰী
উত্তৰঃ (ঘ) ফুলেশ্বৰী

167. স্বৰ্গদেও চুহুংমুঙৰ দিনত অহা মুছলমান সকলক বৰ্তমানে কি বুলি জানো—
(ক) গৰিয়া
(খ) মৰিয়া
(গ) মুছলমান
(ঘ) বড়ো
উত্তৰঃ (খ) মৰিয়া

168. চুদেংফাই ৰজা হৈ কি হিন্দু নাম লয়—
(ক) ৰুদ্ৰসিংহ
(খ) প্ৰতাপ সিংহ
(গ) প্ৰদীপ সিংহ
(ঘ) গুৰু সিংহ
উত্তৰঃ (খ) প্ৰতাপ সিংহ

169. চুৰামফাক কি ৰজা বোলে ?
(ক) ভগা ৰজা
(গ) বগা ৰজা
(খ) ক’লা ৰজা
(ঘ) হৰা ৰজা
উত্তৰঃ (ক) ভগা ৰজা

170. চুটিনফাক কি ৰজা বুলি বিখ্যাত—
(ক) ভগা ৰজা
(গ) নৰীয়া ৰজা
(খ) চাপৰ ৰজা
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) নৰীয়া ৰজা

171. জয়ধ্বজ সিংহৰ প্ৰকৃত নাম কি আছিল—
(ক) চুদাংফা
(খ) চুৰিম্‌ফা
(গ) চুহুংমুং
(ঘ) চুতাম্‌লা
উত্তৰঃ (ঘ) চুতাম্‌লা

172. লাচিত বৰফুকনৰ বাপেকৰ নাম কি আছিল ?
(ক) উদয়াদিত্য
(খ) কেঁকোৰা ৰজা
(গ) মোমাই তামুলী বৰবৰুৱা
(ঘ) অতন বুঢ়াগোহাই
উত্তৰঃ (গ) মোমাই তামুলী বৰবৰুৱা

173. চুন্যাৎফাৰ হিন্দু নাম কি ?
(ক) চুদেফা
(খ) কেঁকোৰা ৰজা
(গ) নৰীয়া ৰজা
(ঘ) উদয়াদিত্য সিংহ
উত্তৰঃ (ঘ) উদয়াদিত্য সিংহ

174. লালুক খোলাক কোনে হত্যা কৰে—
(ক) ভেদাই বৰাই
(খ) ভোটাই ডেকাই
(গ) ভোটা বৰুৱাই
(ঘ) ভেদাই হাজৰিকাই
উত্তৰঃ (খ) ভোটাই ডেকাই

175. চুপাৎফাৰ পিতৃ দত্ত নাম কি আছিল ?
(ক) বৰ ৰজা
(খ) ল’ৰা ৰজা
(গ) গোবৰ ৰজা
(ঘ) গদাপাণি
উত্তৰঃ (ঘ) গদাপাণি

176. গদাপাণি পত্নীৰ নাম—
(ক) সতী বেউলা
(খ) সতী জয়মতী
(গ) মূলা গাভৰু
(ঘ) সকলোবোৰ
উত্তৰঃ (খ) সতী জয়মতী

177. আহোম আৰু মোগলৰ শেষ ৰণ ক’ত হৈছিল ?
(ক) শৰাইঘাট
(খ) ঘিলাঝাৰত
(গ) কাজলীমুখত
(ঘ) ইটাখুলি
উত্তৰঃ (ক) শৰাইঘাট

178. গদাপাণিৰ হিন্দু নাম কি ?
(ক) গোৱৰ ৰজা
(গ) জয়ধ্বজ সিংহ
(খ) চক্ৰধ্বজ সিংহ
(ঘ) গদাধৰ সিংহ
উত্তৰঃ (ঘ) গদাধৰ সিংহ

179. গদাপাণিয়ে ব্ৰহ্মপুত্ৰৰ মাজৰ উমানন্দ কিমান চনত সাজিছিল ?
(ক) ১৬২০ চনত
(খ) ১৬০০ চনত
(গ) ১৬৯৪ চনত
(ঘ) ১৬৭২ চনত
উত্তৰঃ (গ) ১৬৯৪ চনত

180. কিমান চনৰ পৰা অসম ইংৰাজৰ অধীন হয় ?
(ক) ১৮২০ চন
(খ) ১৮২৫ চন
(গ) ১৮২৬ চন
(ঘ) ১৮২৮ চন
উত্তৰঃ (গ) ১৮২৬ চন

181. ধোদৰ আলি কোন আহোম স্বৰ্গদেওৰ দিনত বন্ধাইছিল ?
(ক) গদাধৰ সিংহ
(খ) ৰুদ্ৰ সিংহ
(গ) প্ৰতাপ সিংহ
(ঘ) গৌৰীনাথ সিংহ
উত্তৰঃ (ক) গদাধৰ সিংহ

182. চুখ্ৰ্যামফাৰ সৰু কালৰ নাম কি ?
(ক) দেহা
(খ) কবি
(গ) লাই
(ঘ) লুচা
উত্তৰঃ (গ) লাই

183. চুন্যেউফা ৰজা হৈ কি হিন্দু নাম গ্ৰহণ কৰে
(ক) লক্ষী সিংহ
(খ) নাৰায়ণ সিংহ
(গ) শিৱ সিংহ
(ঘ) গনেশ সিংহ
উত্তৰঃ (ক) লক্ষী সিংহ

184. গৌৰীনাথ সিংহৰ প্ৰকৃত নাম কি আছিল ?
(ক) চুহিৎপাংফা
(খ) চুলিকফা
(গ) চ্যুনেউফা
(ঘ) চুৰম্‌ফা
উত্তৰঃ (ক) চুহিৎপাংফা

185. কোনে আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ লৈ যায় ?
(ক) ৰুদ্ৰ সিংহ
(খ) গৌৰীনাথ সিংহ
(গ) শৰৎ সিংহ
(ঘ) শিৱ সিংহ
উত্তৰঃ (খ) গৌৰীনাথ সিংহ

186. গৌৰীনাথ সিংহৰ দিনত ইংৰাজ গবৰ্ণৰ জেনেৰেল কোন আছিল ?
(ক) লৰ্ড বেটিংক
(খ) লৰ্ড কৰ্ণৱালিছ
(গ) লৰ্ড মাইনটেন
(ঘ) লৰ্ড জনপল
উত্তৰঃ (খ) লৰ্ড কৰ্ণৱালিছ

187. আহোমৰ শ্ৰেষ্ঠ স্বৰ্গদেও কোন জন ?
(ক) কমলেশ্বৰ সিংহ
(খ) চন্দ্ৰকান্ত সিংহ
(গ) ৰুদ্ৰ সিংহ
(ঘ) প্ৰমত্ত সিংহ
উত্তৰঃ (গ) ৰুদ্ৰ সিংহ

188. ৰুদ্ৰ সিংহৰ মাতৃৰ নাম কি ?
(ক) জয়া সিংহ
(খ) জয়মতী
(গ) বিজয়া সিংহ
(ঘ) মনোমতী
উত্তৰঃ (খ) জয়মতী

189. চুতাফাই ৰাজপাটত বহি কি হিন্দু নাম লয়—
(ক) জয় সিংহ
(খ) বলি সিংহ
(গ) শিৱ সিংহ
(ঘ) হৰি সিংহ
উত্তৰঃ (গ) শিৱ সিংহ

190. শিৱ সিংহৰ পত্নীৰ নাম কি ?
(ক) জয়মতী
(খ) ৰাণী ফুলেশ্বৰী
(গ) ভানুমতী
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ৰাণী ফুলেশ্বৰী

192. শিৱ সিংহৰ দ্বিতীয় পত্নীৰ নাম কি আছিল ?
(ক) অম্বিকাদেৱী
(খ) অম্বিকা
(গ) ফুলেশ্বৰী
(ঘ) এটাও নহয়
উত্তৰঃ (ক) অম্বিকাদেৱী

193. শিৱ সিংহৰ দ্বিতীয় পত্নী অম্বিকাদেৱীৰ প্ৰকৃত নাম কি আছিল ?
(ক) দেওপাদি
(খ) অম্বিকা
(গ) ফুলেশ্বৰী
(ঘ) এটাও নহয়
উত্তৰঃ (ক) দেওপাদি

194. শিৱ সিংহৰ তৃতীয় পত্নীৰ নাম কি ?
(ক) অনাদী বা সৰ্বেশ্বৰী
(খ) ফুলেশ্বৰী
(গ) দেওপাদি বা অম্বিকাদেৱী
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) অনাদী বা সৰ্বেশ্বৰী

195. ‘হস্তী বিদ্যাৰ্ণৱ’ শিৱ সিংহই কাক লিখিবলৈ দিয়ে—
(ক) সুকুমাৰ বৰবৰুৱা
(খ) সুকুমাৰ কাকতি
(গ) সুকুমাৰ বেজবৰুৱা
(ঘ) সুকুমাৰ বৰকাইথ
উত্তৰঃ (ঘ) সুকুমাৰ বৰকাইথ

196. শিৱসাগৰৰ ধাই আলি কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰে ?
(ক) শিৱ সিংহ
(খ) প্ৰমত্ত সিংহ
(গ) ৰুদ্ৰ সিংহ
(ঘ) চক্ৰধ্ব সিংহ
উত্তৰঃ (ক) শিৱ সিংহ

197. শিৱ সিংহৰ সৈতে প্ৰমত্ত সিংহৰ সম্পৰ্ক কি ?
(ক) পিতা-পুত্ৰ
(খ) দাদা-ভাই
(গ) খুড়া-ভাতিজা
(ঘ) ককা-নাতী
উত্তৰঃ (খ) দাদা-ভাই

198. বৰ্তমানৰ ৰংঘৰটো কোন আহোম ৰজাই নিৰ্মণ কৰোৱাইছিল ?
(ক) প্ৰদীপ সিংহ
(খ) ৰুদ্ৰ সিংহ
(গ) প্ৰমত্ত সিংহ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (গ) প্ৰমত্ত সিংহ

199. ৰুদ্ৰ সিংহৰ চতুৰ্থ পুত্ৰৰ নাম কি ?
(ক) চুৰাম্‌ফা
(খ) ৰাজেশ্বৰ সিংহ
(গ) দুয়োটা (ক) আৰু (খ)
(ঘ) এটাও নহয়
উত্তৰঃ (গ) দুয়োটা (ক) আৰু (খ)

200. ৰাজেশ্বৰ সিংহক বিয়া দিয়া জয় সিংহৰ ছোৱালীৰ নাম কি আছিল—
(ক) জয়মতী
(খ) সুমতি
(গ) কুৰুংগনয়নী
(ঘ) অনিদ্ৰানয়নী
উত্তৰঃ (গ) কুৰুংগনয়নী

201. গুৱাহাটীৰ বশিষ্ঠাশ্ৰম কোন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ?
(ক) ৰাজেশ্বৰ সিংহ
(খ) চক্ৰধ্বজ সিংহ
গ) প্ৰমত্ত সিংহ
(ঘ) শিৱ সিংহ
উত্তৰঃ (ক) ৰাজেশ্বৰ সিংহ

202. “গুৱাহাটীস্থিত নৱগ্ৰহ মন্দিৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল ?” উক্তিটো—
(ক) সঁচা নহয়
(খ) অলপ সঁচা
(গ) সম্পূৰ্ণ সঁচা
(ঘ) সম্পূৰ্ণ মিছা
উত্তৰঃ (গ) সম্পূৰ্ণ সঁচা

203. ৰুদ্ৰ সিংহৰ নুমলীয়া পুত্ৰৰ নাম কি আছিল ?
(ক) চুনেনফা
(খ) চুৰামফা
(গ) চুন্যেউফা
(ঘ) চুতানফা
উত্তৰঃ (গ) চুন্যেউফা

204. চুকলিংফা বা কিনাৰামে ৰাজপাটত বহি কি নাম লয়—
(ক) কমলেশ্বৰ সিংহ
(খ) কমল সিংহ
(গ) গৌৰীনাথ সিংহ
(ঘ) জয় সিংহ
উত্তৰঃ (ক) কমলেশ্বৰ সিংহ

205. চুডিন্‌ ফাই আহোমৰ ৰাজপাটত বহি কি হিন্দু নাম গ্ৰহণ কৰে ?
(ক) জয়চন্দ্ৰ সিংহ
(খ) শৰৎ সিংহ
(গ) সনাতন সিংহ
(ঘ) চন্দ্ৰকান্ত সিংহ
উত্তৰঃ (ঘ) চন্দ্ৰকান্ত সিংহ

206. বদনক কোনে হত্যা কৰিছিল—
(ক) ৰূপ সিং নামৰ চিপাহী এজনে
(খ) পূৰ্ণানন্দ বুঢ়াগোঁহাই
(গ) ৰুচিনাম বৰগোঁহায়ে
(ঘ) বদনৰ জীয়েকে
উত্তৰঃ (ক) ৰূপ সিং নামৰ চিপাহী এজনে

207. চন্দ্ৰকান্ত সিংহৰ পৰৱৰ্তী আহোম স্বৰ্গদেও কোন ?
ক) পুৰন্দৰ সিংহ
(খ) পূৰ্ণানন্দ সিংহ
(গ) পূৰ্ণকান্ত সিংহ
(ঘ) পুনেশ্বৰ সিংহ
উত্তৰঃ ক) পুৰন্দৰ সিংহ

208. ‘ৰত্নাৱলী’ৰ ৰচক কোন ?
(ক) শ্ৰীহৰ্ষ
(খ) বাণভট্ট
(গ) কালিদাস
(ঘ) এটাও নহয়
উত্তৰঃ (ক) শ্ৰীহৰ্ষ

209. কাৰদিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ?
(ক) চিলাৰায়
(গ) নৰনাৰায়ণ
(খ) ৰঘুদেৱ
(ঘ) এটাও নহয়
উত্তৰঃ (খ) ৰঘুদেৱ

210. পোৱামক্কা ক’ত অৱস্থিত ?
(ক) নলবাৰী
(খ) তেজপুৰ
(গ) হাজো
(ঘ) গুৱাহাটী
উত্তৰঃ (গ) হাজো

211. পাঁচপীৰ দৰগাহ ক’ত অৱস্থিত ?
(ক) ধুবুৰী
(খ) বঙাইগাঁও
(গ) হাজো
(ঘ) তেজপুৰ
Ans : (ক) ধুবুৰী

212. জয়দল, জয়সাগৰ কোনে নিৰ্মাণ কৰাইছিল ?
(ক) গদাধৰ সিংহ
(খ) জয়ধ্বজ সিংহ
(গ) প্ৰতাপ সিংহ
(ঘ) ৰুদ্ৰ সিংহ
উত্তৰঃ (ঘ) ৰুদ্ৰ সিংহ

213. কোন স্বৰ্গদেউৰ সময়ত প্ৰথম মোৱামৰীয়া যুদ্ধ হৈছিল ?
(ক) গদাধৰ সিংহ
(খ) ৰুদ্ৰ সিংহ
(গ) লক্ষী সিংহ
(ঘ) শিৱ সিংহ
উত্তৰঃ (গ) লক্ষী সিংহ

214. গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল ?
(ক) শিৱ সিংহ
(খ) প্ৰমত্ত সিংহ
(গ) গদাধৰ সিংহ
(ঘ) ৰুদ্ৰ সিংহ
উত্তৰঃ (খ) প্ৰমত্ত সিংহ

115. মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?
(ক) 17 বাৰ
(খ) 5 বাৰ
(গ) 3 বাৰ
(ঘ) 1 বাৰ
উত্তৰঃ (গ) 3 বাৰ

216. অসমলৈ কোনে মানক আমন্ত্ৰণ কৰিছিল ?
(ক) ৰুচিনাথে
(খ) লাচিত বৰফুকনে
(গ) বদনচন্দ্ৰ বৰফুকনে
(ঘ) ফ্ৰানচেংমুং
উত্তৰঃ (গ) বদনচন্দ্ৰ বৰফুকনে

217. মানে প্ৰথম বাৰৰ বাবে অসম কেতিয়া আক্ৰমণ কৰে ?
(ক) ১৮১৬
(খ) ১৯১৮
(গ) ১৮১৭
(ঘ) ১৮৯১
উত্তৰঃ (গ) ১৮১৭

Leave a Comment